গুজৰাটত চেপ্টিক টেংক পৰিস্কাৰ কৰাৰ সময়তে বিষাক্ত গেছৰ ফলত শ্বাসৰুদ্ধ হৈ মৃত্যু ৪ শ্ৰমিকৰ…

349

উচ্চতম ন্যায়ালয় আৰু কেন্দ্ৰৰ হাজাৰ নিৰ্দেশনাৰ পিছতো দেশত অব্যাহত আছে চাফাই কৰ্মীৰ মৃত্যু। এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুজৰাটত চেপ্টিক টেংক চাফা কৰি থকা অৱস্থাত ৪ জন চাফাই কৰ্মীৰ মৃত্যু ঘটে। চুৰাটৰ পালছানা-কাটোদ্ৰা পথৰ সমীপত থকা এটা কাৰখানাৰ লেতেৰা টেংকি চাফা কৰি থকা অৱস্থাত শ্বাসৰুদ্ধ হৈ মৃত্যু হয় কৰ্মী কেইজনৰ।

আৰক্ষীৰ সূত্ৰ অনুসৰি মঙলবাৰে সন্ধিয়া কাৰখানাটোৰ চেপ্টিক টেংক চাফা কৰি থকা অৱস্থাত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনা। অগোছালি পৰিষ্কাৰ কৰা প্ৰথম দুজন শ্ৰমিকে বিষাক্ত গেছৰ পৰা চেতনা হেৰুৱাই পেলায়। তেওঁলোকক উদ্ধাৰ কৰিবলৈ আৰু দুজন শ্ৰমিক নামি যায়। ভিতৰলৈ সোমাই অহাৰ লগে লগে তেওঁলোকো অসুস্থ হৈ পৰে। ইয়াৰ পিছত উপস্থিত থকা লোকসকলে কেনেবাকৈ চাৰিজন লোকক উদ্ধাৰ কৰি ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰে। যদিও চিকিৎসকে শ্ৰমিকসকলক মৃত ঘোষণা কৰে। স্থানীয় আৰক্ষী বিষয়াজনে জনোৱা মতে, মৃত শ্ৰমিক চাৰিজন বিহাৰৰ বাসিন্দা। তেওঁলোকৰ সবিশেষ জানিবলৈ চেষ্টা অব্যাহত আছে। জানিব পৰাৰ লগে লগে পৰিয়ালক খবৰ দিয়া হ’ব।

মন কৰিবলগীয়া যে উচ্চতম ন্যায়ালয়ে ইয়াৰ পূৰ্বেও মানুহে চেপ্টিক টেংক চাফা কৰা বন্ধ কৰাৰ ক্ষেত্ৰত নিৰ্দেশনা দিছিল। এই কাম অমানৱীয় বুলি সকলো মহলে দাবী কৰে। ইয়াৰ পিছত সমগ্ৰ দেশতে চলি থাকে। ছুৰাটৰ ঘটনাটো ইয়াৰ শেহতীয়া উদাহৰণ। ২০২২ চনৰ জুলাই মাহত সংসদত দাখিল কৰা কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি বিগত পাঁচ বছৰত বিপজ্জনক কাম কৰি থকা অৱস্থাত ৩৪৭ জন চাফাই কৰ্মীৰ মৃত্যু হৈছে। উত্তৰ প্ৰদেশ, তামিলনাডু আৰু দিল্লীত ৪০ শতাংশ দুৰ্ঘটনা সংঘটিত হৈছে। এই পৰিস্থিতি সলনি কৰিবলৈ উচ্চতম ন্যায়ালয়ে বৃহৎ পৰিমাণৰ আৰ্থিক ক্ষতিপূৰণৰ নিৰ্দেশ দিছে।

যোৱা অক্টোবৰৰ নিৰ্দেশ অনুসৰি চাফাই কৰ্মীৰ মৃত্যু হ’লে চৰকাৰে ৩০ লাখ টকা ক্ষতিপূৰণ দিব লাগিব। লগতে নলা, মেনহ’লত কাম কৰি থাকোঁতে যদি কোনো শাৰীৰিক সমস্যাৰ সন্মুখীন হয়, যাৰ বাবে সংশ্লিষ্ট শ্ৰমিকজনে আজীৱন কষ্ট ভোগ কৰিবলগীয়া হয়, তেন্তে চৰকাৰে তেওঁক বা তেওঁৰ পৰিয়ালক ২০ লাখ টকাৰ ক্ষতিপূৰণ দিব। যদি কোনো শ্ৰমিকে সামান্য শাৰীৰিক সমস্যাৰ সন্মুখীন হয় তেন্তে ক্ষতিপূৰণৰ পৰিমাণ হ’ব ১০ লাখ টকা।