শনিবাৰে বৰপেটাত এটা পুৰণি ঘৰ ভাঙিবলৈ গৈ থকা অৱস্থাত ছাদ ভাঙি মৃত্যু হয় এজন লোকৰ।
নিহত লোকজনৰ নাম সাহিল দেৱান। বৰপেটাৰ পালহাজী গাঁৱৰ বাসিন্দা আছিল তেওঁ।
সূত্ৰ অনুসৰি অৰূপ দাস নামৰ এজন লোকৰ বাসগৃহত সংঘটিত হৈছে এই ঘটনা।
মৃত লোকজনে এটা পুৰণি ঘৰ ভাঙি থকা অৱস্থাত চাদখন পৰি তেওঁৰ প্ৰাণ কাঢ়ি লৈ যায়।
লোকজনৰ মৃত্যুৱে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।
