গাহৰি ফাৰ্ম খোলাৰ বাবে গোলাঘাটত এঘৰীয়া কৰা হল এটা পৰিয়ালক

291

জীৱিকাৰ বাবে গাহৰি পুহি গোলাঘাটত এঘৰীয়া হবলগা হল এটি পৰিয়াল। গোলাঘাট জিলাৰ ঢেকিয়াল নাথ গাঁৱৰ এটা পৰিয়ালক গাহৰি পুহাৰ অপৰাধতে সমাজৰ পৰা বহিস্কাৰ কৰিলে শংকৰ সংঘই।

পৰিয়ালটোৰ অভিযোগ অনুসৰি, গাঁওখনৰ বিশ্বেশ্বৰ নাথ নামৰ লোকজনৰ ডাঙৰ পুত্ৰ আৰু বোৱাৰীয়ে গাহৰি পুহাৰ বাবে দীৰ্ঘদিনৰ পৰা মানসিক নিৰ্যাতন চলাই আহিছিল ঢেকিয়াল নাথ গাঁও প্ৰাথমিক শাখাই। গাহৰি ফাৰ্ম খোলাৰ বাবে পৰিয়ালটোক এঘৰীয়া কৰা বুলিও অভিযোগ কৰিছে পৰিয়ালটোৱে। এনে পৰিপ্ৰেক্ষিতত শংকৰ সংঘৰ উৰ্ধতন কৰ্তৃপক্ষই পৰিয়ালটোৰ সৈতে সুবিচাৰ কৰিব বুলি আশা কৰিছে ভুক্তভোগী পৰিয়ালটোৱে।