গান্ধী মণ্ডপত ভুমিস্খলন

92

পাহাৰৰ পৰা খহি আহিল প্ৰকাণ্ড শিল

ষ্টাফৰিপৰ্টাৰ, চলিত বৰ্ষত বৰষুনৰ পৰিমান বৃদ্ধি পোৱাত গুৱাহাটী মহানগৰীত ভুমিস্খলনৰ ঘটনা দিনক দিনে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ যোৱা কিছুদিনৰ পৰা নেৰানেপেৰা বৰষুন দি থকাৰ ফলত মহানগৰীৰ গান্ধীমণ্ডপ পথত এক ভয়ংকৰ ভুমিস্খলনৰ ঘটনা সংঘটিত হয় ৷ জানিব পৰা মতে
দক্ষিণ শৰনীয়া গান্ধীমণ্ডপ পথত আজি পুৱতি এটি প্ৰকাণ্ড শিলৰ সৈতে পাহাৰৰ মাটি বাগৰি আহে ৷ গান্ধী মণ্ডপ পথৰ একাংশ পথ শিল আৰু মাটিৰে ভৰি পৰিছে ৷ যাৰ বাবেই পথচাৰী অহাযোৱাত যঠেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। ইয়াৰ সমান্তৰালভাৱে পাহাৰৰ যি স্হানৰ পৰা শিল- মাটি বাগৰি আহিছিল সেই অংশৰ পৰা পুনৰ মাটি- শিল ঢহি যঠেষ্ট আশাংকা কৰা হৈছে ৷কিয়নো একেটা স্হানত মাটি আধা খহা অবস্থাত আছে।সেইবাবেই যিকোনো মুহূৰ্তত পুনৰ ভুমিস্খলনৰ হোৱাৰ সম্ভাবনা প্ৰকট৷ ইপিনে গান্ধীমণ্ডপ পথৰ বিপৰীত দিশত এডাল প্ৰকাণ্ড গছ উভালি আছে ৷গছ জোপা গান্ধীবস্তীৰ দিশত পৰি আছে ৷ যিহেতু সেই অঞ্চলটো এঢলীয়া সেইবাবেই যিকোনো মুহূৰ্তত গছজোপা বাগৰি যোৱাৰ আশাংকা নুই কৰিব নোৱাৰি ৷ এই ক্ষেত্ৰত স্হানীয় ৰাইজে জানিবলৈ দিয়ে যে গছজোপা তললৈ বাগৰি গলে গান্ধীবস্তীৰ বাসিন্দাৰ বিপদ অনিবাৰ্য ৷ সেইবাবেই বন বিভাগ তথা জিলা প্ৰশাসনে অনতি পলমে গছজোপৰ উঠোৱাৰ ব্যৱস্থা কৰাৰ লগতে ভুমিস্খলনত আবদ্ধ হৈ থকা পথৰ শিল মাটি সমুহ আতৰায় নিবলৈ স্হানীয় ৰাইজে প্ৰশাসনক অনুৰোধ জনায় ৷