গা ধুবলৈ গৈ বেঁকী নৈত সলিল সমাধি যুৱকৰ

161

বৰপেটাৰোডৰ বেঁকী নৈত সলিল সমাধি যুৱকৰ।

বন্ধুৰ সৈতে গা ধুবলৈ গৈ নৈৰ সোঁতত উটি যায় এজন যুৱক।

বৰ্তমানো সন্ধানহীন হৈ থকা যুৱকজন বৰপেটাৰোডৰ ১নং ৱাৰ্ডৰ শাখাৰীপাৰাৰ নিৱাসী বিশাল সাহা।

দেওবাৰে দুপৰীয়া কেটেল ফাৰ্মৰ সমীপৰ বেঁকী নৈত ৬ বন্ধুৰ সৈতে গা ধুবলৈ গৈছিল বিশালে।

পানীত নমাৰ পিছতে সোঁতত উটি যায় ৬ বন্ধু।

কিন্তু সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা পৰে আন ৫ জনৰ।

এতিয়াও সন্ধানহীন হৈ থকা বিশালক বিচাৰি আৰক্ষী আৰু এছডিআৰএফ বাহিনীয়ে অব্যাহত ৰাখিছে অভিযান।

বৰপেটাৰোডৰ দ্ৰোণাচাৰ্য কলেজৰ ছাত্ৰ আছিল বিশাল সাহা।