গহপুৰত চুৰি স্কুটীসহ দুৰ্ধৰ্ষ চোৰ আটক

56

বিশ্বনাথ জিলাৰ গহপুৰ থানাৰ আৰক্ষীয়ে মঙলবাৰে এখন চুৰি স্কুটীসহ এটা দুৰ্ধৰ্ষ চোৰক আটক কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে যোৱা ২৪ জানুৱাৰীত গহপুৰ থানাৰ অন্তৰ্গত গোপালপুৰৰ নিবাসী কংকনা শইকীয়াৰ AS 07Q 6326 নম্বৰ এখন স্কুটী নিজ ঘৰৰ পৰা চুৰি হৈছিল।

ভুক্তভোগী স্কুটীৰ গৰাকীয়ে স্কুটী চুৰি প্ৰসংগত গহপুৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰাৰ পিছতে তৎপৰ হৈ পৰে আৰক্ষী। তাৰ পিছতে গোপন সূত্ৰৰ পম খেদি গহপুৰ থানাৰ তদন্তকাৰী বিষয়া মদন প্ৰধানৰ নেতৃত্বত আৰক্ষীৰ এটা দলে মঙলবাৰে পুৱা লখিমপুৰ জিলাৰ শিমলুগুৰিৰ পৰা এটা চোৰক আটক কৰিবলৈ সক্ষম হয়।

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে, আটক কৰা চোৰটো হৈছে শিমলুগুৰি আৰক্ষী চকীৰ অন্তৰ্গত ২নং শিমলুগুৰিৰ নিবাসী হেম দেৰ পুত্ৰ ৰাজা দে(২০)। আৰক্ষীয়ে চোৰটোক গোসাঁনীপুখুৰীৰৰ পৰা বাইক সহ আটক কৰিবলৈ সক্ষম হয়৷