খৰ্ব কেজৰিৱাল চৰকাৰৰ ক্ষমতা! আইনত পৰিণত বিতৰ্কিত দিল্লী অধ্যাদেশ বিধেয়ক

105

দিল্লী দখলৰ যুঁজত পৰাজিত কেজৰিৱাল চৰকাৰ! সংসদত গৃহীত হোৱাৰ পিছত এইবাৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ অনুমোদন লাভ কৰিলে দিল্লীৰ অধ্যাদেশ বিধেয়ক। তাৰ পিছতে আইনত পৰিণত হল বিতৰ্কিত দিল্লী অধ্যাদেশ বিধেয়ক। ১ আগষ্টত সংসদত গৃহমন্ত্ৰী অমিত শ্বাহে বিধেয়কখন দাখিল কৰিছিল।

লোকসভাত গৃহীত হোৱাৰ পাছত এই বিধেয়কখন যোৱা সোমবাৰে নিশা ৰাজ্যসভাত দাখিল কৰা হয়। বিৰোধী ‘INDIA’ মিত্ৰজোঁটে মোডী চৰকাৰক ঘেৰাও কৰাৰ পৰিকল্পনা কৰিছিল। কিন্তু শাসকীয় দলটোৱে কেৱল সংখ্যাৰ ভিত্তিত যুদ্ধত সুবিধাজনক অৱস্থাত আছিল। ১৩১জন সাংসদে বিধেয়কখনৰ সপক্ষে ভোটদান কৰে। বিৰোধী ১০১ টা ভোট। বিধেয়কখন গৃহীত হ’ল। এতিয়া ৰাষ্ট্ৰপতিয়ে বিধেয়কখনত স্বাক্ষৰ কৰিলে।

মন কৰিবলগীয়া যে ২০১৮ চনৰ পৰা অৰবিন্দ কেজৰিৱালৰ চৰকাৰে উচ্চতম ন্যায়ালয়ত লেফটেনেণ্ট গৱৰ্ণৰৰ ক্ষমতা আৰু দিল্লী চৰকাৰৰ সীমাবদ্ধতাৰ বিৰুদ্ধে যুঁজি আছিল। সেই গোচৰত ৫ জনীয়া এখন সংবিধানিক বিচাৰপীঠ গঠন কৰা হৈছিল। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুৰৰ নেতৃত্বত সংবিধান বিচাৰপীঠে কয় যে প্ৰকৃত প্ৰশাসনিক ক্ষমতা লেফটেনেণ্ট গৱৰ্ণৰৰ হাতত নহয়, নিৰ্বাচিত চৰকাৰ আৰু কেবিনেটৰ হাতত থাকিব লাগে।

উচ্চতম নিৰ্দেশনাৰ পিছত কেন্দ্ৰই দিল্লীৰ চিএনচিটি চৰকাৰ (সংশোধনী) অধ্যাদেশ শীৰ্ষক অধ্যাদেশ আনে। ‘ৰাষ্ট্ৰীয় ৰাজধানী অসামৰিক সেৱা প্ৰাধিকৰণ’ গঠন কৰা হয়। মোডী চৰকাৰে দিল্লীৰ ৰাষ্ট্ৰীয় ৰাজধানী ভূখণ্ড আইন, ১৯৯১ সংশোধন কৰি এই অধ্যাদেশ আনিছিল।