ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনা।
এইবাৰ আৰক্ষীৰ গুলীত আহত শিশু ধৰ্ষণকাৰী।
পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত সংঘটিত হৈছে এই ঘটনা।
আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে চলায় গুলী।
আৰক্ষীৰ গুলীত আহত শিশু ধৰ্ষণকাৰী হৰেন্দ্ৰ ৰাম নামৰ ৫৫ বছৰীয়া পাষণ্ডজন।
বাওঁভৰিত গুলী লাগে হৰেন্দ্ৰ ৰামৰ।
উল্লেখ্য যে, এটি ৫ বছৰীয়া শিশুক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উঠিছিল হৰেন্দ্ৰ ৰামৰ বিৰুদ্ধে।
চকলেটৰ প্ৰলোভন দি কুঁহিয়াৰ খেতিৰ মাজলৈ মাতি নি চলাইছিল যৌন নিৰ্যাতন।
এই ঘটনা পোহৰলৈ অহাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল অভিযুক্তজনক।
এনকাউণ্টাৰৰ পূৰ্বে শূন্যলৈ দুই জাঁই গুলীচালানা কৰে আৰক্ষীয়ে।
