ডিজিটেল ডেস্কঃ পুনে জিলাৰ ভোৰ তালুকত বৃহস্পতিবাৰে বিয়লি বিদ্যুৎস্পৃষ্ট হৈ চাৰিজন লোকৰ মৃত্যু হয়।
মৃত ব্যক্তিকেইজনে গুঞ্জাৱনে নদীত পানী পাম্প ফিট কৰি খেতি পথাৰত পানী দি থকা অৱস্থাত মাৰাত্মক বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুক সাৱটি লয়।
আৰক্ষীয়ে নিহত কেইজনক বিত্তল মালুছাৰে (৪৫), ছানী মালুছাৰে (২৬), আনন্দ যাদৱ (৫৫) আৰু আমোল মালুছাৰে (৩৬) বুলি চিনাক্ত কৰিছে।
