খুব কম দিনৰ ভিতৰতে মহামাৰী কোৰোনাৰ তৃতীয় লহৰৰ সন্মুখীন হব লাগিব সমগ্ৰ বিশ্ব…

68
প্ৰতিকী চিত্ৰ

কোৰোনাৰ দ্বিতীয় ঢৌৰ আতংক মাৰ নৌযাওতেই এইবাৰ আহি আছে মহামাৰীৰ তৃতীয় ঢৌ। এই আশংকা ব্যক্ত কৰিছে এইমছৰ মুৰব্বী ডা০ ৰণদ্বীপ গুলেৰিয়াই। আজি এক সংবাদমেলত কোৰোনাৰ তৃতীয় ঢৌৰ বিষয়ে আশংকা ব্যক্ত কৰি ডা০ গুলেৰিয়াই কয় যে অহা ৬-৮ সপ্তাহৰ ভিতৰত সমগ্ৰ বিশ্বই এই মহামাৰীৰ তৃতীয় লহৰৰ সন্মুখীন হব লাগিব।

ইফালে কোৰোনাৰ প্ৰথম আৰু দ্বিতীয় সংক্ৰমণৰ পৰা সাধাৰণ জনতাই একো শিক্ষা নল’লে বুলিও মন্তব্য কৰে ডা০ ৰণদ্বীপ গুলেৰিয়াই। সমগ্ৰ দেশত আনলক প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে মানুহে যিদৰে কোভিড বিধি পাহৰি বজাৰ-ৰাজপথত ভিৰ কৰিছে, তালৈ লক্ষ্য কৰি কোৰোনাৰ তৃতীয় ঢৌ অধিক ভয়াবহ হব বুলিও আশংকা ব্যক্ত কৰিছে এইমছৰ মুৰব্বীগৰাকীয়ে।