শনিবাৰে শিৱসাৰৰ জেৰেঙা পথাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিশেষ বায়ু সেনাৰ বিশেষ হেলিকপ্টাৰেৰে উপস্থিত হোৱাৰ পিছত আনুষ্ঠানিকভাৱে আৰম্ভ হ’ল বিশাল জনসভা। জনসভাত প্ৰথমে ফুলাম গামোছা আৰু স্মাৰকেৰে প্ৰধানমন্ত্ৰী মোদীক সম্বৰ্ধনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
সভাত উদ্বোধনী ভাষণ প্ৰদান কৰে বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। উদ্বোধনী ভাষণ প্ৰদান কৰি বিত্তমন্ত্ৰী গৰাকীয়ে কয় যে মাননীয় প্ৰধানমন্ত্ৰীৰ নেতৃত্বতে আজি ক’ৰোনাৰ দৰে মহামাৰীৰ প্ৰতিষেধক দেশবাসীয়ে লাভ কৰিছে। তেওঁ অসমলৈ আগবঢ়োৱা অৱদানৰ কথা ৰাজ্যবাসীয়ে কেতিয়াও পাহৰিব নোৱাৰে। আজি এই জেৰেঙা পথাৰত খিলঞ্জীয়াক ভূমিপট্টা প্ৰদান কৰি অসমবাসীৰ প্ৰতি থকা এক দায়ৱদ্ধতাৰ প্ৰমাণ দাঙি ধৰিব মোদীয়ে।