খাৰুপেটীয়াত প্ৰকাণ্ড অজগৰ উদ্ধাৰ কৰাক লৈ ৰাইজৰ ভিৰ

61

খাৰুপেটীয়াত প্ৰকাণ্ড অজগৰ উদ্ধাৰ কৰাক লৈ ৰাইজৰ ভিৰ।

খাৰুপেটীয়া এগৰাকী শিক্ষক বাপন দেৱনাথ ৰ বাসগৃহত প্ৰকাণ্ড অজগৰ উদ্ধাৰ।

আজি পুৱা এডাল প্ৰকাণ্ড অজগৰ ওলাই সন্ত্ৰাসৰ সৃষ্টি কৰে শিক্ষক বাপন দেৱনাথৰ বাসগৃহত। পাছত অজগৰ নিজে নিজে দত্তৰ এটা ভঁৰালত সোমাই যায় | অজগৰ ভঁৰালত সোমোৱা পাছত ঘৰৰ মানুহ ভঁৰাল বন্ধ কৰি বন বিষয়াক খবৰ দিয়ে আৰু তৎকালীন ভাবে বন বিষয়া শিক্ষক বাপন দেৱনাথৰ ঘৰত উপস্থিত হৈ অজগৰক উদ্ধাৰ কৰি লৈ যায়। বন বিষয়াই জনোৱা মতে অজগৰ প্ৰাপ্ত বায়স্ক আনুমানিক ১০ কিলোগ্ৰামতকৈ বেছি আছিল আৰু অজগৰক ওৰাং ৰাষ্ট্ৰীয় উদ্যানত মোকোলাই দিয়া হব বুলি জানিবলৈ দিয়ে।