খাৰিফ বতৰত অসমৰ কৃষকৰ কাৰণে প্ৰধান মন্ত্ৰী ফচল বীমা যোজনা ৰূপায়ণ এইচডিএফচি আৰ্গোৰ

106

খাৰিফ বতৰ ২০২০ ৰ কাৰণে তিনিচুকীয়া, লখিমপুৰ, কাছাৰ,বাক্সা, কামৰূপ মহানগৰ, ওদালগুৰি, মৰিগাঁও জিলাৰ ঋণী আৰু অঋণী কৃষক সকলৰ কাৰণে প্ৰধান মন্ত্ৰী ফচল বীমা যোজনা(পিএমএফবিৱাই) ৰূপায়ণৰ অৰ্থে অসম চৰকাৰৰ অনুমোদন লাভ কৰিছে ব্যক্তিগত খণ্ডৰ ভাৰতৰ তৃতীয় সৰ্ব-বৃহৎ নন-লাইফ বীমা আগবঢ়াওঁতা এইচডিএফচি আৰ্গো জেনেৰেল ইঞ্চুৰেন্স কোম্পানীয়ে। এই আঁচনিৰ অধীনত অসমৰ ৰাজ্য চৰকাৰখনে ১ হেক্টৰলৈকে প্ৰিমীয়ামৰ কৃষকৰ অংশ পৰিশোধ কৰিব, য’ত নেকি ইলেকট্ৰনিক ট্ৰেকিঙৰ কাৰণে কৃষকৰ পৰা মাত্ৰ ১ টকা লোৱা হ’ব। পিএমএফবিৱাই আচঁনিখনৰ জৰিয়তে বতৰ, বানপানী, খৰাং, ঘূৰ্ণীবতাহ,প্ৰৱল বতাহ, প্লাৱন,কীট-পতংগ ৰোগ আৰু আন আন বিস্তৃত পৰিসৰৰ বাহ্যিক কাৰকৰ বাবে উদ্ভৱ হ’ব পৰা শস্যৰ বিনষ্ট সাধনৰ পৰা সকাহ দিবলৈ কৃষকৰ বীমাৰ সুবিধা আগবঢ়োৱা হয়। খেতিত হোৱা ক্ষতিৰ পৰিমাণ নিৰ্ণয় কৰাৰ অৰ্থে, ৰাজ্য চৰকাৰে এই আঁচনি খনৰ কাৰণে চিনাক্ত কৰা ক্ষেত্ৰসমূহৰ শস্যসমূহৰ ক্ৰপ কাটিং এক্সপেৰিমেণ্ট পৰিকল্পনা কৰিছে আৰু ৰূপায়ণ কৰিব। আচঁনিখনে শস্য চক্ৰৰ আটাইকেইটা স্তৰ প্ৰাক-শস্য সিঁচা, শস্য চপোৱাৰ পৰৱৰ্তী সময়ৰ ক্ষয়-ক্ষতিক বীমাৰ আউটিত সামৰি লয়। পিএমএফবিৱাই আঁচনি খনৰ অধীনত সকলোবোৰ পণ্য অসম চৰকাৰৰ কৃষি বিভাগৰদ্বাৰা অনুমোদিত।