গুৱাহাটীঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে খাৰঘুলিত ৰাজ্যপালৰ নতুন চৰকাৰী গৃহৰ আধাৰশিলা স্থাপন কৰে।
আধাৰশিলা স্থাপন কৰে ৰাজ্যপাল জগদীশ মুখী আৰু ফাৰ্ষ্ট লেডী প্ৰেম মুখীৰ উপস্থিতিত।
নতুন ৰাজভৱন নিৰ্মাণৰ বাবে ব্যয় হব ৪১.৩২ কোটি টকা।
মুখ্যমন্ত্ৰী শৰ্মাই কয় যে ১৮ মাহৰ ভিতৰত নতুন অট্টালিকাটো নিৰ্মাণ সম্পূৰ্ণ হ’ব।
মন কৰিবলগীয়া যে নতুন ৰাজ্যপালৰ বাসগৃহত ৯৬৩১ বৰ্গমিটাৰ ঠাই থাকিব।
ৰাজ্যপালৰ চৰকাৰী ঘৰটো নিৰ্মাণ সম্পূৰ্ণ হ’লেই বৰ্তমানৰ ৰাজভৱনৰ পৰা অত্যাধুনিক বাসগৃহলৈ স্থানান্তৰ কৰা হ’ব।
