খহনীয়াই টোপনি হৰণ কৰিছে এখন গাঁৱৰ ৰাইজৰ

101

বাৰিষাৰ মাজতে ৰৌতা নদীয়ে সৃষ্টি কৰা খহনীয়াই টোপনি হৰিছে ২ নং ৰঙাপানী গাঁৱৰ লোকসকলৰ। ইতিমধ্যে খহনীয়াৰ কবলত পৰি বিস্তৰ কৃষি ভূমি নৈত বিলীন হোৱাৰ পিছত এতিয়া ছিলিংখুঁটি-চিকাৰীডাঙ্গা সংযোগী একমাত্ৰ পথটোও খহিবলৈ আৰম্ভ কৰিছে।
উল্লেখ্য যে, এই পথটো ৪০ খনকৈ গাঁৱৰ ৰাইজৰ যাতায়তৰ বাবে একমাত্ৰ পথ। পথটোৰ মাজত আছে এখন দলং। ৩ বছৰ পূৰ্বে নিৰ্মাণ সম্পূৰ্ণ হোৱা এই দলংখনলৈও খহনীয়াৰ ফলত এতিয়া ভাবুকি আহি পৰিছে।এনে পৰিস্থিতিত এই পথটোৱে সংযোগ কৰা ৪০ খনকৈ গাওঁৰ ৰাইজকে চিন্তিত কৰি তুলিছে। ৰৌতা নৈৰ গৰাখহনীয়াৰ সন্দৰ্ভত জলসম্পদ বিভাগক এমাহ পূৰ্বৰে পৰা বাৰে বাৰে স্থানীয় লোকসকলৰ লগতে দল, সংগঠনে অৱগত কৰি আহিছে যদিও বিভাগটোৱে এই পৰ্যন্ত কোনো গুৰুত্ব প্ৰদান কৰা নাই। যাৰ ফল ভূগিবলগীয়া হৈছে স্থানীয় ৰাইজে।