কৰ্তব্যৰত সাংবাদিক – সংবাদকৰ্মীক স্বাস্থ্য বীমাৰ আওতাত অনাৰ বাবে জাফাৰ মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান

167

ষ্টাফৰিপোৰ্টাৰ, ৭ এপ্ৰিল :: কৰ’না ভাইৰাছ তথা কভিড১৯ য়ে সৃষ্টি কৰা আতংকময় পৰিস্থিতি স্বতেও দেশ আৰু সমাজৰ স্বাৰ্থত নিজৰ দায়িত্বত নিয়োজিত হৈ থকা কৰ্তব্যৰত সাংবাদিক – সংবাদকৰ্মীক স্বাস্থ্য বীমাৰ আওতাত অনাৰ অনুৰোধ জনাই মঙলবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ই – মেইল যোগে জাৰ্নেলিষ্ট ফেডাৰেচন অৱ আছামে (জাফা) এখন স্মাৰক পত্ৰ খন প্ৰেৰণ কৰে । লগতে বিত্ত, স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকো স্মাৰক পত্ৰৰ প্ৰতিলিপি প্ৰেৰণ কৰে।