ষ্টাফৰিপৰ্টাৰ, ২৬ মে’ : নগাঁৱৰ আমোলাপট্টি নিবাসী প্ৰয়াত ৰাজেন্দ্ৰ নাথ শৰ্মাৰ পুত্ৰ কৰ্ণেল ৰঞ্জিত কুমাৰ শৰ্মাৰ মঙলবাৰে মৃত্যু হয়। শাৰীৰিক অসুস্থতাৰ বাবে বাংগালুৰুৰ মণিপাল হাস্পতালত তেওঁৰ মঙলবাৰে পুৱা ৭ বাজি ১০ মিনিটত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭১ বছৰ। অতি মেধা সম্পন্ন কৰ্ণেল ৰঞ্জিত কুমাৰ শৰ্মাই ১৯৬৭ চনত উচ্চতৰ মাধ্যমিক পৰীক্ষাত নগাঁৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা দ্বিতীয় শীৰ্ষ স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। তেওঁ পিলানিৰ বিৰলা ইনষ্টিটিউট অৱ টেকনলজিৰ এলুমণি আছিল। তেওঁ শিক্ষা সমাপ্ত কৰাৰ পাছত ভাৰতীয় সেনাত যোগদান কৰে আৰু দেশৰ বিভিন্ন প্ৰান্তত চাকৰি কৰে আৰু কৰ্ণেল হিচাবে অৱসৰ গ্ৰহণ কৰে। মৃত্যুৰ সময়ত তেওঁ পত্নী, দুগৰাকী জীয়ৰী, জোঁৱাই, নাতি – নাতিনী আৰু আত্মীয় স্বজনক এৰি যায়। তেওঁৰ মৃত্যুত অঞ্চলটোত শোকৰ ছা পৰে।
