কৰ্ণাটকৰ হাছান জিলাত ভয়ংকৰ দুৰ্ঘটনা, শিশুসহ ৯ জনৰ মৃত্যু

211

কৰ্ণাটকৰ হাছান জিলাৰ গান্ধীনগৰ গাঁৱৰ সমীপত সংঘটিত এক পথ দুৰ্ঘটনাত ৪ শিশুসহ ৯ জন লোকৰ মৃত্যু হয়।

শনিবাৰে নিশাৰ ভাগত সংঘটিত হয় এই দুৰ্ঘটনা।

আৰক্ষীৰ মতে, মৃত লোক কেইজন টেম্পো ট্ৰেভেলাৰ গাড়ীত গৈ আছিল আৰু ধৰ্মস্থল নামৰ তীৰ্থস্থানৰ পৰা উভতি আহিছিল।

৬৯ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় দুৰ্ঘটনাটো। কে এছ আৰ টি চিৰ এখন বাছৰ পিছে পিছে গৈ আছিল টেম্পো ট্ৰেভেলাৰখন। এখন গাখীৰৰ টেংকাৰ হঠাতে এটা দিশত অহা দেখি টেম্পো ট্ৰেভেলাৰ চালকে গাড়ীখন বাওঁফালে নিবলৈ চেষ্টা কৰি বাছখনৰ লগত খুন্দা মাৰে। তাৰ পিছত টেংকাৰখনে পিছফালৰ পৰা টেম্পো ট্ৰেভেলাৰজনৰ লগত খুন্দা মাৰিলে।

কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে, জংচনত এফালে চাইনব’ৰ্ড নথকাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হৈছে। কে এছ আৰ টি চি বাছখনত থকা যাত্ৰীসকলো আঘাতপ্ৰাপ্ত হয়। টেংকাৰখনৰ চালকজন সেই স্থানৰ পৰা পলায়ন কৰে। বনশ্বৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

মৃত লোক কেইজন হৈছে লীলাৱতী(৫০), চৈত্ৰ(৩৩), সমৰ্থ(১০), ডিম্পী(১২), তন্ময়(১০), ধ্ৰুৱ(২), বন্দনা(২০), দদৈয়া(৬০) আৰু ভাৰতী(৫০)। .

আৰক্ষীয়ে জনোৱা মতে, টেম্পো ট্ৰেভেলাৰখনত ১৪ জন লোকে যাত্ৰা কৰিছিল। আহত সকলক হাছান জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।