ক’ৰোনাৰ শেহতীয়া ৰূপ পৰীক্ষা কৰিব পৰা টেষ্ট কিট উদ্ভাৱন

65

ডিজিটেল ডেস্ক: অসমৰ বিজ্ঞানীৰ আন এক সাফল্য ৷ ক’ৰোনাৰ শেহতীয়া ৰূপ পৰীক্ষণ কৰিব পৰা টেষ্ট কিট উদ্ভাৱন হৈছে ৷ অসম সন্তান শুভৰঞ্জন ভৌমিকে উদ্ভাৱন কৰি উলিয়াইছে এই বিশেষ টেষ্ট কিট ৷ ইংলেণ্ডত আৰম্ভ হোৱা ক’ৰোনাৰ এই নতুন ভাইৰাছবিধ ইতিমধ্যে অসমতো প্ৰৱেশ কৰিছে ৷ মিউটেটেড এই ভাইৰাছবিধৰ উপস্থিতি মানুহৰ দেহত ধৰা পেলাব পৰাকৈ প্ৰস্তুত কৰি উলিয়াইছে টেষ্টকিটটো ৷ শেহতীয়া প্ৰকাৰৰ ভাইৰাছ আৰু ভৱিষ্যতে বিৱৰ্তনৰ ফলত সৃষ্টি হোৱা নতুন প্ৰকাৰৰো ধৰা পেলাবলৈ সক্ষম হ’ব এই কিটটোৱে ৷
ভৌমিক সম্প্ৰতি মুম্বাইৰ বেনকছ ৰিছাৰ্চ প্ৰইভেট লিমিটেডৰ নিৰ্দেশক হিচাপে কৰ্মৰত ৷ তেওঁৰ প্ৰতিষ্ঠানটোৱে ICMR আৰু NIRRH ৰ লগত সহযোগিতাৰে এই টেষ্ট কিট প্ৰস্তুত কৰিছে ৷ ভৌমিকৰ মতে, প্ৰতিষেধক প্ৰদানৰ সমান্তৰালভাৱে ক’ভিড- ১৯ ৰ পৰীক্ষণ প্ৰক্ৰিয়াও চলি থাকিব৷ গতিকে, এইক্ষেত্ৰত এটা আনটোৰ পৰিপূৰক হ’ব ৷