ক’ৰোনা ভেকচিন ‘আষ্ট্ৰাজেনেকা’ ৰপ্তানিৰ ক্ষেত্ৰত বাধা প্ৰদান ভাৰতৰ

80

ক’ৰোনা ভেকচিন ‘আষ্ট্ৰাজেনেকা’ ৰপ্তানিৰ ক্ষেত্ৰত বাধা প্ৰদান কৰিছে ভাৰতে।উন্নয়নশীল দেশসমূহৰ বাবে প্ৰস্তুত কৰা এই ভেকচিন কেইবামাহৰ বাবে ৰপ্তানি বন্ধ ঘোষণা কৰিছে ভাৰতে। ভাৰতৰ চিৰাম ইনষ্টিটিউটে চুক্তি কৰিছিল ১ মিলিয়ন ড’জ ভেকচিন প্ৰস্তুত কৰাৰ।বিশ্বৰ বৃহৎ ঔষধ প্ৰস্তুতকাৰী চিৰাম ইনষ্টিটিউটে ধনী দেশসমূহৰ সৈতে লগ লাগি অধিকাংশ ভেকচিন চলিত বৰ্ষত প্ৰস্তুত কৰাৰ সম্ভাৱনা আছে।কিন্তু ৰপ্তানি বন্ধৰ ঘোষণাই উন্নয়নশীল দেশসমূহক কিছু মাহ অপেক্ষা কৰোৱাব।

ভেকচিনসমূহ জৰুৰীকালীন অৱস্থাৰ বাবে অনুমোদিত কৰা হৈছে যদিও ভাৰত সুৰক্ষিত অৱস্থাত আছে ।এই কথা এক টেলিফোনিক সাক্ষাৎকাৰযোগে জনাইছে চিৰাম ইনষ্টিটিউটৰ চি ই অ’ অদৰ পুনাৱালাই।লগতে তেওঁ কয় যে এই ভেকচিন বেচৰকাৰী বজাৰত বিক্ৰী কৰাও নিষিদ্ধ কৰিছে চৰকাৰে।ভাৰত চৰকাৰে প্ৰথম ১০০ মিলিয়ন ডজ ভেকচিন প্ৰতি ডজত ২০০ টকাত ক্ৰয় কৰিছে ।চিৰাম ইনষ্টিটিউটে কভেক্স ৰ সৈতে ৩০০-৪০০ মিলিয়ন ডজ প্ৰস্তুত কৰিবৰ বাবে চুক্তিত স্বাক্ষৰ কৰিছে।