কৰিমগঞ্জত বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেটসহ ২ সৰবৰাহকাৰীক আটক

306

কৰিমগঞ্জ জিলাত বিপুল পৰিমাণৰ নিচাজাতীয় টেবলেটসহ দুজন লোকক আটক কৰে আৰক্ষীয়ে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, সৰবৰাহকাৰী দুজনৰ পৰা ৫০ লাখতকৈ অধিক মূল্যৰ য়াবা টেবলে জব্দ কৰা হৈছে।

ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজনৰ নাম হুছেইন আহমেদ আৰু ইছলাম উদ্দিন বুলি জানিব পৰা গৈছে।

বদৰপুৰত আটক কৰা হয় দুয়োজন সৰবৰাহকাৰীক।

আৰক্ষীৰ মতে, এই যুটিয়ে বদৰপুৰৰ পৰা চোৰাং ড্ৰাগছ বাহিৰলৈ আনিবলৈ ওলোৱাৰ সময়তে তেওঁলোকক আটক কৰা হয়।

অধিক সংযোগ উদ্ধাৰৰ বাবে তদন্ত চলি আছে।

যোৱা মাহত অসমৰ শিলচৰত আৰক্ষীয়ে অভিযান চলাই তিনিজন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁলোকৰ হাতত পৰা বিপুল পৰিমাণৰ য়াবা টেবলেট জব্দ কৰিছিল।

প্ৰাপ্ত খবৰ অনুসৰি আজি সোণাই পথৰ ৰংিৰখাৰীস্থিত এখন হোটেলত অভিযান চলাইছিল।

বিষয়াসকলে জনোৱা মতে, তেওঁলোকে ৫ হাজাৰ য়াবা টেবলেট থকা তিনিজন লোকক গ্ৰেপ্তাৰ কৰে। তেওঁলোকৰ সম্পূৰ্ণ জব্দ মূল্য প্ৰায় ১ কোটি টকা বুলি অনুমান কৰা হৈছে।