অসম আৰক্ষীয়ে ছ’চিয়েল মিডিয়াত এটা ভাইৰেল ভিডিঅ’ত ৰাজহুৱাভাৱে বিপদজনক বাইক ষ্টাণ্ট কৰা দেখা পোৱা দুজন যুৱকক আটক কৰিছে। কৰিমগঞ্জ আৰক্ষীয়ে টুইটযোগে এই বিষয়ে জানিবলৈ দিয়ে।
জানিব পৰা মতে, ১৬ ফেব্ৰুৱাৰীত কৰিমগঞ্জৰ এনচি মহাবিদ্যালয়ৰ বদৰপুৰৰ ওচৰত দুজন যুৱকে ৰাজহুৱাভাৱে বাইক ষ্টান্টৰ বিফল প্ৰয়াস কৰাৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছিল।
ভিডিঅ’টো সৌমিত্ৰ দাস নামৰ এজন টুইটাৰ হেণ্ডলাৰে শ্বেয়াৰ কৰে। ভিডিঅ’টো শ্বেয়াৰ কৰি তেওঁ টুইট কৰে, “বদৰপুৰ এন চি মহাবিদ্যালয়ৰ কাষৰীয়া অঞ্চলটোত কেইবাজনো যুৱকে দৈনিক ভিত্তিত এনেদৰে বাইক ষ্টাণ্ট কৰি আছে, যাৰ ফলত দুৰ্ঘটনাৰ সমস্যা বৃদ্ধি পাইছে। প্ৰশাসনক কঠোৰ ব্যৱস্থা ল’বলৈ অনুৰোধ জনাইছোঁ।”