ষ্টাফ ৰিপোৰ্টাৰ : কৰ’নাত বিধ্বস্ত বিশ্বলৈ সুখবৰ আহিছে।
ইজৰাইল-ইটালীৰ পৰাএকেদিনাই কৰ’নাৰ ঔষধ আৰু প্ৰতিষেধক আৱিষ্কাৰৰ দাবী ২ দেশৰ। ইজৰাইলে দাবী কৰিছে মানৱ দেহত কৰোনা নিষ্ক্ৰিয় কৰাৰ ঔষধ আৱিষ্কাৰৰ। ইটালীৰ দাবী মানৱ শৰীৰত সফলভাৱে প্ৰতিষেধক প্ৰয়োগৰ। ৰোমৰ এখন চিকিত্সালয়ত প্ৰতিষেধক আৱিষ্কাৰৰ দাবী ইটালীৰ। সফলভাৱে এই প্ৰতিষেধকে মানৱ শৰীৰত প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ দাবী। ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে দাবী কৰিছে ঔষধ আৱিষ্কাৰত সফলতাৰ কথা মানৱ শৰীৰত সক্ৰিয় ভাইৰাছ নিষ্ক্ৰিয় কৰাৰ দাবী ইজৰাইলৰ। ইজৰাইলৰ আই আই বি আৰত দীৰ্ঘ পৰীক্ষা-নিৰীক্ষাৰ অন্তত এই সফলতা। সমগ্ৰ বিশ্বই অপেক্ষা কৰিছে ইজৰাইল-ইটালীৰ ঔষধ-প্ৰতিষেধকলৈ।
এতিয়াও অৱশ্যে বিশ্ব স্বাস্থ্য সংস্থাই অনুমোদন দিয়া নাই এই ঔষধ-প্ৰতিষেধকক।