কৰ’না যোদ্ধাসকললৈ অভিবাদন জনাবলৈ সূৰ্য্য চিমেণ্টৰ বিশেষ কাৰ্যসূচী

67

ষ্টাফৰিপোৰ্টাৰ, ২০ মে’, ৰাজ্যত ক’ভিড১৯ ৰ বিৰুদ্ধে সকলোকে মাৰবান্ধি থিয় হোৱাৰ মাবে মানসিকভাৱে শক্তিশালী কৰি ৰাখিবৰ বাবে সূৰ্য চিমেণ্টে জুবিন গাৰ্গ আৰু টাইম ৮ ৰ সৈতে এক বিশেষ কাৰ্যসূচীৰ আয়োজন কৰিছে।
দেশৰ সীমান্তত থিয় হৈ দেশ ৰক্ষা কৰা যোদ্ধাসকলৰ সমানেই এই বিপদকালত দেশসেৱাৰ বাবে আত্মনিয়োগ কৰা কৰ’না যোদ্ধাসকললৈ সূৰ্য চেল্যুট জনোৱা হৈছে। এই পদক্ষেপৰ মাধ্যমেৰে আমাক এই জটিল সময়ৰ মাজেৰে সুৰক্ষিতভাৱে পাৰ কৰি লৈ অহা লোকসকললৈ অভিবাদন জনোৱাৰ এক সুন্দৰ ব্যৱস্থা কৰা হৈছে। দিনে নিশাই কৰ’নাৰ সৈতে যুঁজ চলাই যোৱা এইসকল যোদ্ধা নিসন্দেহে এই সন্মানৰ পাত্ৰ।
সূৰ্য চিমেণ্টে এইসকল সাহসী যোদ্ধাক এক বিশেষধৰণেৰে সন্মান জনাবৰ বাবে তেওঁলোকৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিল। এপ্ৰিল মাহৰ শেষ সপ্তাহৰ পৰা আৰম্ভ কৰা এই বিশেষ পদক্ষেপৰ যোগেদি সমগ্ৰ অসমৰে বিভিন্ন স্থানলৈ যাবলৈ চেষ্টা কৰিছিল। এই বিশেষ পদক্ষেপৰ মাধ্যমেৰে প্ৰতিষ্ঠানটোৰ বিভিন্ন প্ৰতিনিধিয়ে বিভিন্ন স্থানত থকা চিকিৎসক, নাৰ্ছ, আৰক্ষী, সমাজকৰ্মী, বেংকাৰসকললৈ সূৰ্য চেল্যুট জনায়।এই পদক্ষেপ আৰম্ভ হোৱা প্ৰথম দিনটোতেই গুৱাহাটীস্থিত মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালৰ সকলো চিকিৎসক, নাৰ্ছ তথা অন্যান্য চিকিৎসা কৰ্মীকে সূৰ্য অভিবাদন জনায়। উল্লেখ্য যে এই চিকিৎসালয়খনক ক’ভিড-১৯ বিশেষ চিকিৎসালয় হিচাপে ঘোষণা কৰা হৈছে আৰু যথেষ্ট সংখ্যক ৰোগীক চিকিৎসা প্ৰদান কৰি থকা হৈছে।
সূৰ্য চিমেণ্টৰ এটা দলে গুৱাহাটীস্থিত অসমৰ ডাক সেৱাৰ প্ৰধান কাৰ্যালয় মেঘদূত ভৱনলৈ গৈও তাত থকা কৰ্মচাৰীসকললৈ সূৰ্য অভিবাদন জনায়। উল্লেখ্য যে অসমৰ বিভিন্ন স্থানৰ বেংক, বেচৰকাৰী সংস্থা আদি, যিয়ে ক’ৰোনা প্ৰতিহত কৰাৰ ক্ষেত্ৰত অভূতপূৰ্ব অৱদান আগবঢ়াইছে তেওঁলোকলৈও সূৰ্য অভিবাদন জনোৱা হৈছে। তেওঁলোকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ কৰ্মীসকললৈও সূৰ্য অভিবাদন জনায়।
এই পদক্ষেপ সন্দৰ্ভত সূৰ্য চিমেণ্টৰ পৰিচালন সঞ্চালক মধুৰ আগৰৱালাই এক বিবৃতি যোগে কয়, “সূৰ্য চেল্যুট হৈছে মানৱীয়তাৰ দৃষ্টিভঙ্গীৰে ক’ৰোনা যোদ্ধা সকললৈ আমাৰ এক সন্মান। মানৱীয়তা ৰক্ষাৰ বাবে এইসকল যোদ্ধাই যিদৰে নিজকে সমৰ্পন কৰি দিছে তাৰ প্ৰতি কৃতজ্ঞতাৰ এক চিন হিচাপেই আমি এই পদক্ষেপ গ্ৰহণ কৰিছো।তেওঁলোকৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাক আমি কৃতজ্ঞতা জনোৱাটো আমাৰ কৰ্তব্য।”