ষ্টাফৰিপোৰ্টাৰ,২৮ এপ্ৰিল ;; বিশ্বব্যাপী ত্রাসৰ সৃষ্টি কৰা কৰ’না মহামাৰী প্ৰতিৰোধৰ নামত দিল্লী আৰু দিছপুৰৰ চৰকাৰে নিজৰ সমস্ত দ্বায়িত্ব জনসাধাৰণৰ ওপৰত জাপি দি নীৰৱে লুন্ঠন চলোৱা কাৰ্য্য দূৰ্ভাগ্যজনক তথা জনগণৰ প্ৰতি বিশ্বাসঘাতকতা বুলি অভিহিত কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা জ্যোষ্ঠ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্য ই |
চৰকাৰৰ আহ্বানৰ প্ৰতি সহাঁৰি জনোৱা দেশবাসীয়ে, বিশ্বাস আৰু আস্থাৰে “প্ৰধান মন্ত্রীৰ সাহায্য নিধি” তথা “পি এম কেয়াৰ ফান্ড ” লৈ প্ৰদান কৰা পুঁজিৰো কোনো স্বচ্ছতা ফুটি উঠা নাই |
বিগত ফাকুৱাৰ সময়ত চীণা ৰঙ্ ব্যৱহাৰ নকৰিবলৈ কোৱা চৰকাৰে কাৰ স্বাৰ্থত আই চি এম আৰে নিষিদ্ধ কৰা পি পি ই আৰু “ৰেপিড টেষ্টিং কিট্ ” ক্ৰয় কৰিলে তাকো ২৪৫ টকাৰ সামগ্ৰী ৬০০ টকাত ? প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা সংঘটিত এই লুন্ঠনে প্ৰমাণ কৰি দিলে ‘ বিজেপি ‘ৰ দেশপ্ৰেম তথা প্ৰধানমন্ত্রী দেৱৰ ” না খাউঙ্গা, না খানে দুউঙ্গা ” নীতি |
একেদৰে আমাৰ অসমতো মুখ্যমন্ত্রী সোণোৱাল নেতৃত্বাধীন বিজেপি মিত্রজোঁট চৰকাৰৰ মাজত চলিছে দেশসেৱাৰ নামত অলিখিত প্ৰতিযোগিতা | চৰকাৰ প্ৰকৃতাৰ্থত কোনে চলাইছে ধৰাই টান হৈ পৰিছে |জনসেৱাৰ নামত সাধাৰণ ৰাইজৰ কান্ধত সকলো দ্বায়িত্ব অৰ্পণ কৰা হৈছে |জীয়াই থকাৰ আশাত আমি সকলো গৃহবন্দী হৈ থকাৰ সুযোগ গ্ৰহণ কৰি আতংকৰ সৃষ্টিৰে মেৰুকৰণৰ ৰাজনীতিৰে দৰিদ্ৰজনক সাহায্য প্ৰদানতো নিকৃষ্ট ৰাজনীতি কৰা হল | ই চৰম দূৰ্ভাগ্যজনক | সাহায্য সংগ্ৰহৰ নামত অঘোষিত প্ৰতিযোগিতা চলিছে | ইয়াতো ষ্পষ্ট নহয় ক’ত কিমান ধন জমা হৈছে লগতে ক’ত কেনেকৈ খৰচ হব ! আমাৰদৰে সকলো ৰাইজে সাধ্যানুসৰি ধনে-জনে আৰ্তজনৰ প্ৰতি সেৱা আগবঢ়াই আহিছে | কিন্তু ৰাজ্যৰ স্বাস্থ্য মন্ত্রী গৰাকীয়ে অহৰ্নিশে তদাৰক কৰি থকাৰ মাজতে চৰকাৰী নীতি-নিয়ম উলংঘাকৰি চকুৰকুটা চীণ দেশৰ পৰা আই চি এম আৰে নিষিদ্ধ কৰা কোম্পানীৰ পৰা মধ্যভোগীৰ জৰিয়তে অধিক দামত কিনা “পিপিই” আৰু ” ৰেপিড টেষ্টিং কিট্ ” ৰ ক্ষেত্রত মুখ্যমন্ত্রী ডাঙৰীয়া আপুনি আৰু আপোনাৰ চৰকাৰ নীৰৱ কিয় ? কৰ্মচাৰীৰ এদিনৰ দৰমহা আদায় ৰ লগতে চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা ২০২১ ৰ জুন মাহ লৈকে মৰগীয়া বানচ নিদিয়াৰ সিদ্ধান্ত কিমান যুক্তিসংগত হ’ব | দ্বায়িত্ব পালনৰ নামত চাৰ্টাড বিমান, হেলিকপ্টাৰত ভ্ৰমণ কৰা কাৰ্য্য সমৰ্থনযোগ্য নে ? ইতিমধ্যে সকলো কামৰ অন্তৰালত থকা ৰাজনীতি জোলোঙাৰ মেকুৰী ওলোৱাদি ওলাইছেই | অন্যথা কৰ্মহীন, খাদ্যহীন তথা সৰ্বস্বান্ত কৃষকৰ ৰোষৰ সন্মুখীন হব লাগিব।”
