কৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে সজাগতা কাৰ্যসূচী

75

ষ্টাফৰিপৰ্টাৰ, সমগ্ৰ গুৱাহাটীত কৰ’না ভাইৰাছ ভয়াবহ ভাৱে বৃদ্ধি পাইছে। ক’ভিড-১৯ ৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰূপনগৰ শাখা সাহিত্য সভাৰ উদ্যোগত মঙলবাৰে এক সজাগতা কাৰ্যসূচী গ্ৰহণ কৰা হয়। এই কাৰ্যসূচীৰ জৰিয়তে শাখা সাহিত্য সভাই চৰকাৰ তথা জিলা প্ৰশাসনে ক’ভিড-১৯ প্ৰতিৰোধৰ বাবে ধার্য কৰা নিয়ম সমূহ আখৰে আখৰে পালন কৰাৰ বাবে আহ্বানজনায়। সভাই বৃহত্তৰ ৰূপনগৰ, শ্ৰীমন্তপুৰ, জোনাকপুৰ আদি অঞ্চলত এই প্ৰচাৰ অভিযান চলায়। এই ৰূপনগৰ শাখা সাহিত্য সভাৰ সম্পাদক অনিল গোস্বামীৰ লগতে অন্যান্য সদস্যসকল উপস্থিত থাকে।