ষ্টাফৰিপৰ্টাৰ, ৯ জুন : বিশ্ব মহামাৰী ৰূপ ধাৰণ কৰা কৰ’ণা ভাইৰাছ সংক্ৰমণৰ ৰোধৰ বাবে স্বাস্থ্যবিভাগে আগবঢ়োৱা বিভিন্ন মাধ্যমেৰে জনসাধাৰণক সজাগ সচেতন কৰি থকাৰ মাজতে যুৱ প্ৰজন্মৰ প্ৰতিভাৱান এগৰাকী শিল্পীয়ে আৰম্ভ কৰিছে গীতৰ যোগেদি জনসাধাৰণক সজাগতা কৰাৰ দৰে এক গুৰুত্বপূৰ্ণ পদক্ষেপ ।প্ৰতিভাবান শিল্পীগৰাকীৰ নাম হ’ল ‘নিবাৰণ কৃষ্ণ’।উল্লেখ্য যে চহৰাঞ্চলৰ লগে গ্ৰামাঞ্চলৰ ৰাইজৰ মাজতো সজাগতা বৃদ্ধিৰ লক্ষ্যৰে শিল্পীগৰাকীৰ নিজা ৰচনা আৰু সুৰৰে উলিয়াছে এটি গীত।”আহিছে কৰ’ণা চাইনাৰে পৰা ভাৰত মহাদেশলৈ”শীৰ্ষক গীতটিয়ে ইতিমধ্যে ছ’ছিয়েল মিডিয়াত জনপ্ৰিয়তা লাভ কৰিছে ।ইয়াৰ উপৰিও দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু
স্বৰ্ণকন্যা হিমা দাসক লৈও তেওঁ উলিওৱা দুটি গীতে ৰাইজৰ মাজত বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।