ক্ৰীড়াপ্ৰেমী সকলৰ বাবে ভাল খবৰ

72

দেশৰ দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ অসামৰিক সন্মান ক্ৰমে পদ্মবিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী বিজয়ীসকলৰ তালিকাত এইবাৰ ভাৰতীয় ক্ৰীড়াক্ষেত্ৰৰ কেইবাগৰাকীও খেলুৱৈৰ নাম অন্তৰ্ভুক্ত হৈছে। ভাৰতীয় ক্ৰীড়াক্ষেত্ৰলৈ আগবঢ়োৱা উল্লেখনীয় অৱদানক স্বীকৃতি জনাই এইবাৰ দেশৰ পাঁচগৰাকী খেলুৱৈক পদ্ম সন্মানেৰে সন্মানিত কৰা হৈছে।দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মানেৰে সন্মানিত কৰা হৈছে কিংবদন্তি হকী তাৰকা পি আৰ শ্ৰীজেশক।ভাৰতীয় ক্ৰিকেট ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনলৈও আগবঢ়োৱা হৈছে পদ্মশ্ৰী বঁটা। হৰবিন্দৰ সিঙকো পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছে।