ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা পাকিস্তানৰ কামৰান আকমলৰ

97

পাকিস্তানৰ প্ৰাক্তন উইকেটকিপাৰ বেটছমেন কামৰান আকমলে মঙলবাৰে ৰাষ্ট্ৰীয় বাছনি সমিতিত অন্তৰ্ভুক্ত হোৱাৰ পিছত সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰে। কামৰানে সাংবাদিকক কয় যে তেওঁ প্ৰশিক্ষণক এটা বৃত্তি হিচাপে গ্ৰহণ কৰিছে আৰু সেয়েহে তাৎক্ষণিক প্ৰভাৱৰ সৈতে অৱসৰ লোৱাৰ সিদ্ধান্ত লৈছোঁ। ২০১৭ চনলৈকে পাকিস্তানৰ হৈ ২৬৮ খন আন্তঃৰাষ্ট্ৰীয় মেচ খেলা কামৰানকো পাকিস্তান ছুপাৰ লীগৰ দল পেছাৱাৰ জালমীয়ে বাদ দিছিল আৰু তেওঁক উইকেটকিপাৰ হিচাপে স্বাক্ষৰ কৰাৰ পৰিৱৰ্তে তেওঁলোকৰ প্ৰশিক্ষণ কৰ্মচাৰীত অন্তৰ্ভুক্ত কৰিছিল।