ডেৰাডুনৰ মেক্স হাস্পতালৰ আইচিইউৰ পৰা ব্যক্তিগত ছুইটলৈ স্থানান্তৰ কৰা হৈছে ক্ৰিকেটাৰ ঋষভ পণ্টক।
ইনফেক্সনৰ আশংকাত ব্যক্তিগত ছুইটলৈ স্থানান্তৰ কৰা হৈছে ক্ৰিকেটাৰগৰাকীক।
উল্লেখ্য যে, দিল্লীৰ পৰা ঘৰলৈ ওভতাৰ পথত দুৰ্ঘটনাত পতিত হৈছিল ঋষভ পণ্ট।
ইফালে হাস্পতালত ক্ৰিকেটাৰগৰাকীৰ খবৰ ল’বলৈ ভিৰ কৰিছে অসংখ্য গুণমুগ্ধই।
হাস্পতালত অযথা ভিৰ নকৰিবলৈ সকলোকে আহ্বান জনাইছে হাস্পতাল কৰ্তৃপক্ষই।
