ক্ৰমাৎ সুস্থ হৈছে এইমছত চিকিৎসাধীন প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিং

97

ক্ৰমাৎ সুস্থ হৈছে এইমছত চিকিৎসাধীন হৈ থকা দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিং। এইমছৰ এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ অৱস্থা বৰ্তমান স্থিৰ আৰু তেওঁৰ স্বাস্থ্যৰ উন্নতি ঘটিছে।

৮৯ বছৰীয়া সিঙক বুধবাৰে এইমছৰ কাৰ্ডিঅ’-নিউৰো চেণ্টাৰৰ ব্যক্তিগত ৱাৰ্ডত ভৰ্তি কৰোৱা হৈছিল আৰু ডাঃ নীতিশ নায়েকৰ নেতৃত্বত হৃদৰোগ বিশেষজ্ঞৰ এটা দলৰ তত্বাৱধানত আছে। প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী সোমবাৰে জ্বৰত আক্ৰান্ত হৈছিল। ইয়াৰ পৰা আৰোগ্য লাভ কৰে যদিও শাৰীৰিক দুর্বলতাত ভোগাত তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হয়।

ইফাল কংগ্ৰেছে ছ’চিয়েল মিডিয়াত মনমোহন সিঙৰ বিষয়ে কিছু লোকে কৰা পোষ্টক উৰাবাতৰি আৰু অন্যায় বুলি অভিহিত কৰি কয় যে সকলো লোকে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ গোপনীয়তাক সন্মান কৰা উচিত। দলৰ ৰাষ্ট্ৰীয় সম্পাদক তথা মিডিয়া বিভাগৰ সহ-ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ ঝাইও কয় যে মনমোহন সিঙৰ স্বাস্থ্য আগৰ তুলনাত ভাল।

তেওঁ টুইট কৰে, “ড০ মনমোহন সিঙৰ স্বাস্থ্যৰ উন্নতি হৈছে। তেওঁ কালিতকৈ ভাল। আমি তেওঁৰ আশু আৰোগ্য কামনা কৰিছো। কিছুমান ভিত্তিহীন কথা কোৱা হৈছে যিবোৰ অপ্ৰয়োজনীয় আৰু উচিত নহয়। সকলোকে প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ গোপনীয়তাক সন্মান কৰিবলৈ আহ্বান জনোৱা হৈছে। ধন্যবাদ। ‘