ক্ষুদ্ৰতম সিংহাসন নিৰ্মাণ কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত নাম সন্নিবিষ্ট হল শিল্পী বিপুল কুমাৰ বৰাৰ

151

ডিজিটেল ডেস্ক: লকডাউনৰ সময়ত ক্ষুদ্ৰতম সিংহাসন নিৰ্মাণ কৰি অভিলেখ গঢ়িবলৈ সক্ষম হ’ল নগাঁও জিলাৰ চামগুৰিৰ শিঙীয়া কুমাৰ গাঁৱৰ বিপুল কুমাৰ বৰা নামৰ শিল্পীগৰাকীয়ে। তেওঁৰ এই সৃষ্টি ‘ইণ্ডিয়া বুক অৱ ৰেকৰ্ড-২০২০’ত সন্নিৱিষ্ট হোৱাৰ পিছতে চামগুৰিৰ লগতে সমগ্ৰ অসমলৈ নামি আহিছে আনন্দৰ জোৱাৰ। নামঘৰৰ মণিকূটত অধিষ্ঠিত মহাপুৰুষ গুৰুজনাৰ দ্বাৰা সৃষ্ট গুৰু আসন তথা সিংহাসন ভাগৰ প্ৰকৃত নিৰ্মাণ শৈলী সপ্ত বৈকুণ্ঠৰ আৰ্হিৰে সাত খলপীয়াকৈ কাঠেৰে ক্ষুদ্ৰতম আকাৰত নিৰ্মাণ কৰি উলিয়ায় বিপুল কুমাৰ বৰাই।

উল্লেখ্য যে, বিপুল কুমাৰ বৰাই নিৰ্মাণ কৰি উলিওৱা ক্ষুদ্ৰতম সিংহাসনখনত সংলগ্ন কৰা হৈছে কাঠত কটা ৪টা কাচ, ২৮টা নামসিংহ আৰু ২৮টা হাতীৰ ক্ষুদ্ৰাকাৰ মুৰ্তি।এই সিংহাসনখনৰ উচ্চতা প্ৰায় ১ফুট ২ইঞ্চি আৰু সিংহাসন খনত সংলগ্ন কৰি ৰখা ক্ষুদ্ৰতম মুৰ্তি কেইটাৰ উচ্চতা প্ৰায় ২.৩ ছেণ্টিমিটাৰ।

শিল্পী বিপুল কুমাৰ বৰাৰ এই সৃষ্টি আৰু ইণ্ডিয়া বুক অৱ ৰেকৰ্ডৰ জৰিয়তে লাভ কৰা সন্মানত গৌৰৱাম্বিত হৈ পৰিছে চামগুৰু অঞ্চল। ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল-সংগঠনে সম্বৰ্দ্ধনা তথা অভিনন্দন জ্ঞাপন কৰিছে শিল্পী গৰাকীক।