ক্ষুদ্ৰ শিলগুটিত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ প্ৰতিকৃতি অংকন কৰি ৰাজ্যিক অভিলেখ এগৰাকী প্ৰতিভাৱান চিত্ৰশিল্পীৰ

104

দিগন্ত শইকীয়া, কলিয়াবৰঃ ক্ষুদ্ৰ শিলগুটিত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ প্ৰতিকৃতি অংকন কৰি ৰাজ্যিক অভিলেখ গঢ়িবলৈ সক্ষম হৈছে কলিয়াবৰৰ এগৰাকী প্ৰতিভাৱান চিত্ৰশিল্পীয়ে। কলিয়াবৰৰ হাটবৰৰ সূৰুয বৰকটকী নামৰ চিত্ৰশিল্পী গৰাকীয়ে ৩.৫ চেণ্টিমিটাৰ x ৭ চেণ্টিমিটাৰ জোখৰ শিলগুটিত সুধাকণ্ঠৰ প্ৰতিকৃতি অংকন কৰি অসম বুক অৱ ৰেকৰ্ডছ্ত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে।

কলিয়াবৰ মহাবিদ্যালয়ৰ পৰা কলা শাখাৰ স্নাতক ডিগ্ৰীধাৰী সূৰুযে শৈশৱৰে পৰাই নিজস্ব সাধনাৰে বিভিন্ন চিত্ৰ অংকন কৰি আহিছে। বিভিন্ন বিষয়ৰ লগতে স্বনামধন্য শিল্পী-সাহিত্যিকৰ প্ৰতিকৃতি অংকন কৰি সূৰযে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। জুবিন গাৰ্গ, খগেন মহন্ত, হোমেন বৰগোঁহাঞিৰ লগতে নৰেন্দ্ৰ মোডী, তৰুণ গগৈ আদি বিশিষ্ট ব্যক্তিৰ প্ৰতিচ্ছবি জীৱন্ত হৈ উঠিছে সূৰুযৰ কেনভাচত। চিত্ৰ কলাৰ কোনো আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈ সূৰুযে অব্যাহত ৰাখিছে নিজস্ব সাধনা। শেহতীয়াকৈ ক্ষুদ্ৰ শিলত চিত্ৰ আঁকি অভিলেখ গঢ়া সূৰুয বৰকটকীক যথেষ্ট উৎসাহ দি আহিছে ওচৰ চুবুৰীয়াই।