ক্ষমতা হেৰুৱাব বিচৰা নাই হাগ্ৰামা মহিলাৰীয়ে…

64

ডিজিটেল ডেস্ক: এইবাৰ বিটিছিত হাগ্ৰামাৰ পতন ঘটিল। অনুষ্ঠিত হৈ যোৱা পৰিষদীয় নিৰ্বাচনত হাগ্ৰামা মহিলাৰীৰ বিপিএফ দলে ১৭ খন আসন লাভ কৰিলেও পিছে সক্ষম নহল পৰিষদ গঠন কৰাত। বিপৰীতে বিজেপি আৰু গণ সুৰক্ষা পাৰ্টীৰ সমৰ্থনত মঙলবাৰে বিটিছিৰ মুখ্য কাৰ্যবাহী ৰূপে শপত ললে ইউপিপিএলৰ অধ্যক্ষ প্ৰমোদ বড়োৱে।

কিন্তু ক্ষমতাৰ পৰা বঞ্চিত যেন হব নিবিচাৰে হাগ্ৰামা মহিলাৰীয়ে। যাৰ বাবে বিজেপি আৰু ইউপিপিএলে মিত্ৰতা কৰিব বুলি স্পষ্ট হোৱাৰ পিছতো হাগ্ৰামা মহিলাৰীয়ে পৰিষদ গঠন কৰাৰ দাবী কৰিছিল। কিন্তু সেই দাবী যেতিয়া নসাৎ হল, তাৰ পিছত এইবাৰ ধনবল আৰু ক্ষমতাৰ প্ৰলোভনেৰে ইউপিপিএল আৰু জিএছপিৰ নৱ নিৰ্বাচিত পাৰিষদক ক্ৰয় কৰাৰ চেষ্টা কৰিছে বিপিএফ দলে।

পোহৰলৈ অহা খবৰ অনুসৰি প্ৰমোদ বড়োৱে মুখ্য কার্যবাহীৰূপে শপত লোৱাৰ পূৰ্বে জিএছপিৰ নৱ নিৰ্বাচিত পাৰিষদ ঘনশ্যাম দাসৰ সৈতে যোগাযোগ চলাইছিল বিপিএফে। বিপিএফৰ প্ৰাক্তন পাৰিষদ ফলিন্দ্ৰ বসুমতাৰী আৰু বিধায়ক হিতেশ বসুমতাৰীয়ে আনকি তেওঁৰ ঘৰলৈ গৈ পত্নীকো সাক্ষাৎ কৰা বুলি জানিব পৰা গৈছে।

সূত্ৰৰ খবৰ অনুসৰি, পাৰিষদ গৰাকীক বিপিএফক সমৰ্থন দিয়াৰ বিনিময়ত ১০ কোটি পৰ্যন্ত টকা আৰু ইএম পদো যচা হৈছিল। ইফালে ইউপিপিএলৰ আন এগৰাকী নৱ নিৰ্বাচিত পাৰিষদ বি আৰ ফেৰেংগাৰ সৈতেও বিপিএফৰ নেতাই যোগাযোগ চলাইছিল।

ইফালে নিৰপত্তাজনিত কাৰণত বিটিছিৰ ইউপিপিএল-বিজেপি-জিএছপিৰ নৱ নিৰ্বাচিত পাৰিষদ সকলক হোটেল লিলিত ৰখাৰ মাজতে নিৰপত্তা বেষ্টনী ভেদি হোটেলত প্ৰৱেশ কৰিছিল বিপিএফৰ এজেন্টে। কিন্তু সন্দেহ ওপজাত দাস উপাধিধাৰী এজন ঠিকাদাৰক আটক কৰাৰ পিছতে লোক জনে পাৰিষদৰ সৈতে দৰ-দাম কৰিবলৈ অহাৰ কথা স্বীকাৰ কৰা বুলি জানিব পৰা গৈছে।