কোৰোনাৰ নতুন প্ৰজাতি ডেল্টা প্লাছ ভেৰিয়েণ্টে নলয় ভয়াবহ ৰূপ

87

কোৰোনাৰ পৰিবৰ্তিত ৰূপ ডেল্টা প্লাছ ভেৰিয়েণ্টক লৈ সমগ্ৰ দেশত পুনৰ এবাৰ আতংকই বিৰাজ কৰিছে। কোৰোনাৰ দ্বিতীয় ঢৌ মাৰ নৌযাওতেই ডেল্টা প্লাছ ভেৰিয়েণ্টৰ উপস্থিতি ধৰা পৰাত কোৰোনাৰ তৃতীয় লহৰ অধিক ভয়াবহ হব বুলি একাংশ চিকিৎসা গৱেষকে আশংকা কৰিছিল। উল্লেখ্য যে, ডেল্টা প্লাছ ভেৰিয়েণ্ট বা AY.1 ভেৰেয়েণ্টৰ কবলত ইতিমধ্যে ভাৰতত এজন লোকৰ মৃত্যু ঘটিছে।

কিন্তু শেহতীয়াকৈ ডেল্টা প্লাছ ভেৰিয়েণ্ট কোনো উদ্বেগৰ কাৰণ নহয় বুলি জনোৱা হৈছে চৰকাৰৰ তৰফৰ পৰা। কেন্দ্ৰীয় চৰকাৰৰ জিনোমিক চাৰ্ভিলেন্স প্ৰকল্পৰ সৈতে জড়িত থকা গৱেষকে জানিবলৈ দিয়া মতে, ডেল্টা প্লাছ ভেৰিয়েণ্ট অধিক ভয়াবহ হোৱাৰ কোনো প্ৰমাণ এতিয়াও লাভ কৰা নাই। ভাৰতত ৪০ জন ৰোগীৰ দেহত এই ভাইৰাছ বৰ্তমানলৈকে ধৰা পৰিছে যদিও ইয়াৰ দ্বাৰা সংক্ৰমণ বৃদ্ধি পোৱাৰ কোনো প্ৰমাণ লাভ নকৰাত ডেল্টা প্লাছ ভেৰিয়েণ্ট ভাৰতীয়ৰ বাবে উদ্বেগৰ বিষয় নহয়।

উল্লেখ্য যে, মধ্যপ্ৰদেশত কোৰোনাৰ নতুন প্ৰজাতি ডেল্টা প্লাছ ভেৰিয়েণ্টত আক্ৰান্ত হৈ মৃত্যু ঘটা প্ৰথমজন ৰোগী ধৰা পৰিছে। মধ্যপ্ৰদেশত এগৰাকী মৃত মহিলাৰ দেহত এই ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পিছতে একাংশ চিকিৎসা গৱেষকে এই মহামাৰী অধিক ভয়াবহ হোৱাৰ আশংকা ব্যক্ত কৰিছিল।