কোৰোনাত আক্ৰান্ত হৈ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অজিত সিঙৰ বিয়োগ

100

ৰাষ্ট্ৰীয় লোকদলৰ অধ্যক্ষ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অজিত সিঙৰ কোভিড আক্ৰান্ত হৈ আজি পুৱা মৃত্যু ঘটে। যোৱা ২০ এপ্ৰিলৰ পৰা কোভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা অজিত সিঙৰ মৃত্যুত শোকত ভাগি পৰিছে দেশৰ ৰাজনৈতিক মহল।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি প্ৰায়সকল নেতাই প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ বিয়োগত শোক ব্যক্ত কৰিছে। উল্লেখ্য যে, ভাৰতত ভয়াবহৰূপত বৃদ্ধি পাইছে কোভিড সংক্ৰমিত ৰোগীৰ সংখ্যা। যোৱা ২৪ ঘণ্টাত দেশত পুনৰ ৪.১৪লাখ লোক এই মহামাৰীত আক্ৰান্ত হোৱাৰ বিপৰীতে প্ৰায় ৪০০০ জনৰ মৃত্যু হৈছে।