কোৰোনাত আক্ৰান্ত হাজাৰ হাজাৰ শিশু…

89

কোৰোনাৰ দ্বিতীয় ঢৌত আক্ৰান্ত হৈছে হাজাৰোধিক শিশু। শেহতীয়াকৈ দিল্লী চৰকাৰে প্ৰকাশ কৰা তথ্যানুসৰি, কোৰোনাৰ দ্বিতীয় ঢৌত দিল্লীত ডেৰ হাজাৰৰো অধিক শিশু আক্ৰান্ত হৈছে যোৱা এটা মাহৰ ভিতৰত।

দিল্লী চৰকাৰৰ তথ্য মতে, যোৱা এটা মাহত দিল্লীত আক্ৰান্ত মুঠ ৪০,৪৭০ জন কোভিড ৰোগীৰ ভিতৰত ১৫৮৯ জনেই হৈছে শিশু। ইফালে দিল্লীত এইবাৰ কোভিডত আক্ৰান্ত হোৱা আধাতকৈও অধিক সংখ্যক লোক ৩০ৰ পৰা ৬০ বছৰৰ ভিতৰত।

প্ৰণিধানযোগ্য যে, বৰ্তমান দিল্লীত কোভিড সংক্ৰমণ যথেষ্ট হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। প্ৰতিদিনে ৫০০ৰো কম লোক কোৰোনাত আক্ৰান্ত হৈছে দিল্লীত। ইফালে দিল্লীত কোভিড সংক্ৰমণ কিছু হ্ৰাস পোৱাৰ পিছতে এতিয়া লকডাউন শিথিল কৰা হৈছে।