কোৰোনাত আক্ৰান্ত মন্ত্ৰী অতুল বৰা

68

গুৱাহাটীঃ কোৰোনাত আক্ৰান্ত হৈছে ৰাজ্য চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰা। দেওবাৰে তেওঁৰ দেহত কোভিড সংক্ৰমণ ধৰা পৰাৰ পিছতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰা হয়। উল্লেখ্য যে, অসম-মিজোৰামৰ মাজত চলি থকা সীমান্ত সমস্যা সন্দৰ্ভত আলোচনাৰ বাবে মিজোৰামলৈ গৈছিল মন্ত্ৰী অতুল বৰা। মিজোৰাম ভ্ৰমণৰ পৰা ঘূৰি অহাৰ পিছতে সামান্য জ্বৰ-কাহত আক্ৰান্ত হৈছিল তেওঁ। তাৰ পিছতে স্বাস্থ্য পৰীক্ষাত কোভিড সংক্ৰমণ ধৰা পৰে।

ইফালে বৰ্তমান চিকিৎসাধীন হৈ থকা মন্ত্ৰীগৰাকীৰ স্বাস্থ্য সুস্থিৰ বুলি জানিবলৈ দিছে চিকিৎসকে। তেওঁৰ সংস্পৰ্শলৈ অহা সকলকো স্বাস্থ্য পৰীক্ষা কৰাবলৈ আহ্বান জনাইছে অতুল বৰাই।