কোৰোনাত আক্ৰান্ত হৈছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। মঙ্গলবাৰে টুইটযোগে নিজৰ কোভিড পজিটিভৰ কথা সদৰী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
তেওঁ জানিবলৈ দিয়া মতে, বৰ্তমান তেওঁ নিজৰ ঘৰতে পৃথকে আছে। আনহাতে তেওঁৰ সংস্পৰ্শলৈ অহা আন লোকসকলকো কোভিড টেষ্ট কৰাবলৈ আহ্বান জনায় কেজৰিৱালে।
প্ৰণিধানযোগ্য যে, দিল্লীয়ে সোমবাৰে ৪,০০৯ জন লোক নতুনকৈ কোৰোনাত আক্ৰান্ত হয়। ৰাজ্যখনত পজিটিভিটি হাৰ ৬.৪৬ শতাংশ।
