কোৰোনাত আক্ৰান্ত কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এইছ ডি কুমাৰস্বামী

65

কোৰোনাত আক্ৰান্ত হৈছে কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জেডিএছৰ নেতা এইছ ডি কুমাৰস্বামী। তেওঁৰ স্বাস্থ্য পৰীক্ষাত আজি তেওঁৰ দেহত কোভিড পজিটিভ ধৰা পৰে। জানিব পৰা মতে, জ্বৰ, কাহত আক্ৰান্ত হৈ আছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী। আনহাতে তেওঁৰ সংস্পৰ্শলৈ অহা সকলোৰে কোভিড টেষ্ট কৰিবলৈও টুইট যোগে আহ্বান জনায় এইছ ডি কুমাৰস্বামীয়ে।