ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ চমুকৈ আৰ এছ এছৰ প্ৰধান মোহন ভাগৱত আক্ৰান্ত হৈছে কোৰোনা ভাইৰাছত। সামান্য জ্বৰ কাহত ভূগি থকা মোহন ভাগৱতৰ স্বাস্থ্য পৰীক্ষাৰ তেওঁৰ দেহত কোভিড পজিটিভ ধৰা পৰে। বৰ্তমান হাস্পতালত চিকিৎসাধীন হৈ থকা ভাগৱতৰ স্বাস্থ্য সুস্থিৰ বুলি জানিবলৈ দিছে চিকিৎসকে।
