কোভিড-১৯ত আক্ৰান্ত হৈছে ভাৰতীয় ক্ৰিকেটৰ প্ৰাক্তন অধিনায়ক আৰু ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ (বিচিচিআই) অধ্যক্ষ সৌৰভ গাংগুলী।
আৰটি-পিচিআৰ পৰীক্ষাত গাংগুলীৰ দেহত কোভিড সংক্ৰমণ ধৰা পৰাৰ পিছতে সোমবাৰে নিশা তেওঁক ততাতৈয়াকৈ কলকাতাৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত ভৰ্তি কৰোৱা হয়।
উল্লেখ্য যে, সৌৰভ গাংগুলীয়ে কোভিডৰ দুয়োপালি টিকা গ্ৰহণ কৰাৰ পিছতো কোভিড-১৯ত আক্ৰান্ত হৈছে। বিগত কিছু দিনত তেওঁ পেছাদাৰী কাৰ্যকলাপত অংশ ল’বৰ বাবে বিভিন্ন ঠাই ভ্ৰমণ কৰিবলগা হোৱাৰ পিছতে কোৰোনাত আক্ৰান্ত হয়।
ইফালে, গাংগুলীক এই বছৰৰ আৰম্ভণিতে দুবাৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল আৰু কিছু হৃদযন্ত্ৰৰ সমস্যা হোৱাৰ পিছত জৰুৰীকালীন এঞ্জিওপ্লাষ্টি কৰা হৈছিল।