কোভিডৰ বিৰুদ্ধে যুঁজিবলৈ চৰকাৰে গাঁৱে গাঁৱে স্থাপন কৰিব War Room

83

সমগ্ৰ দেশৰ লগতে অসমত ভয়াবহ ৰূপ গ্ৰহণ কৰিছে মহামাৰী কোৰোনাই। চহৰাঞ্চলৰ লগতে এতিয়া ৰাজ্যৰ গ্ৰাম্য এলেকা সমূহতো কোভিড সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। যাৰ ফলত কোভিডৰ বিৰুদ্ধে সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰিবলৈ পঞ্চায়ত সমূহক আহ্বান জনাইছে ৰাজ্য চৰকাৰে।

চৰকাৰৰ আহ্বানৰ পিছতে এতিয়া গ্ৰামাঞ্চলৰ ৰাইজৰ মাজত কোভিডক লৈ সজাগতা বৃদ্ধি কৰাৰ লগতে বিনামূলীয়া মাস্ক আৰু চেনিটাইজাৰ বিতৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে গাঁও পঞ্চায়তসমূহে। একেদৰে প্ৰতিজন গঞাৰ কোভিড টেষ্ট কৰাটো সুনিশ্চিত কৰাৰ সন্দৰ্ভতো গাঁও পঞ্চায়তে ল’ব বলিষ্ঠ পদক্ষেপ৷