কোভিডৰ বাবে ভাৰত-ইংলেণ্ডৰ অন্তিমখন টেষ্ট মেচ বাতিল

163

নতুন দিল্লীঃ কোভিড-১৯ৰ ঘটনা বৃদ্ধি পোৱাৰ পিছত শুকুৰবাৰে ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হবলগা ৫ম তথা অন্তিম খন খেল বাতিল কৰা হৈছে।

এক প্ৰেছ বিবৃতিত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বিচিচিআই) জানিবলৈ দিয়ে যে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ইংলেণ্ড এণ্ড ৱেলছ ক্ৰিকেট ব’ৰ্ডৰ (ইচিবি) সৈতে যুটীয়াভাৱে চলিত ভাৰতৰ ইংলেণ্ড ভ্ৰমণ ২০২১ ত মানচেষ্টাৰত অনুসূচীত পঞ্চম টেষ্ট মেচ খন বাতিল কৰাৰ সিদ্ধান্ত লৈছে।

তেওঁলোকে জনায় যে বিচিচিআই আৰু ইচিবিয়ে টেষ্ট মেচ খন খেলাৰ উপায় বিচাৰি কেইবাটাও পৰ্যায়ৰ আলোচনা অনুষ্ঠিত কৰে, অৱশ্যে ভাৰতীয় দলত কোভিড-১৯ ৰ প্ৰাদুৰ্ভাৱৰ ফলত ওল্ড ট্ৰেফৰ্ড টেষ্ট মেচ বাতিল কৰাৰ সিদ্ধান্ত ল’বলৈ বাধ্য হয়।

ইফালে, ইংলেণ্ড এণ্ড ৱেলছ ক্ৰিকেট ব’ৰ্ডে (ইচিবি) কয় যে বিচিচিআইৰ সৈতে চলি থকা বাৰ্তালাপৰ পিছত ইচিবিয়ে নিশ্চিত কৰিব পাৰে যে আজি এমিৰেটছ অল্ড ট্ৰেফৰ্ডত আৰম্ভ হ’বলগীয়া ইংলেণ্ড আৰু ইণ্ডিয়াৰ মাজত পঞ্চম খন টেষ্ট বাতিল কৰা হ’ব।