গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত সংঘটিত হৈছে আজৱ কাণ্ড। কোভিড আক্ৰান্ত হৈ মৃত্যুক সাৱটি লোৱা এগৰাকী মহিলাৰ দেহৰ পৰা সোণৰ গহনা চুৰি হোৱাৰ অভিযোগ উত্থাপন কৰিছে মহিলাগৰাকীৰ পৰিয়ালৰ লোকে।
পৰিয়ালৰ অভিযোগ অনুসৰি, মৃত মহিলাগৰাকীৰ দেহৰ পৰা দুৰ্বৃত্তই এডাল সোণৰ চেইন, দুটা সোণৰ আঙুঠি, এযোৰ খাৰু আৰু মহিলাগৰাকীৰ মোবাইল ফোন লুটি লৈ যায়। উল্লেখ্য যে, বৃহস্পতিবাৰে কোভিড আক্ৰান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মৃত্যু ঘটিছিল মহিলাগৰাকীৰ। ইফালে এই চুৰিৰ অভিযোগক লৈ হাস্পতালখনত উত্তেজনাপূৰ্ণ পৰিস্থিতিৰো সৃষ্টি হয়।