কোভিডত আক্ৰান্ত হৈ মৃত্যু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মাতংগ সিঙৰ

99

কোৰোনাত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মাতংগ সিঙৰ। বৃহস্পতিবাৰে পুৱা ১০ বজাত চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ। উল্লেখ্য যে, যোৱা ২২ এপ্ৰিলত তেওঁৰ দেহত কোভিড পজিটিভ ধৰা পৰাৰ পিছতে চিকিৎসাধীন হৈছিল।

১৯৯৪ৰ পৰা ১৯৯৮চনলৈকে তেওঁ কেন্দ্ৰীয় মন্ত্ৰীৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৯২চনত ৰাজ্যসভালৈ নিৰ্বাচিত হোৱা মাতংগ সিঙে সংসদীয় পৰিক্ৰমাৰ ৰাজ্যিক মন্ত্ৰী আছিল। অসমৰ ৰাজনীতিৰ এক চৰ্চিত নাম মাতংগ সিঙৰ বিয়োগত শোক ব্যক্ত কৰিছে বিভিন্নজনে।