কোভিড-১৯ৰ বুষ্টাৰ ড’জ সম্পন্ন হোৱাৰ পিছতে কাৰ্যকৰী হব CAA- অমিত শ্বাহ

236

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে জনোৱা মতে, ক’ভিড-১৯ বুষ্টাৰ ভেকচিন অনুশীলন সম্পূৰ্ণ হোৱাৰ পিছত দেশত কাৰ্যকৰী হ’ব বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন।

এই কথা আশ্বাস দিয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পশ্চিমবংগৰ বিজেপি নেতা সুভেন্দু অধিকাৰীক।

ভাৰতীয় সংসদে ২০১৯ চনৰ ১১ ডিচেম্বৰত CAA গৃহীত কৰি ১০ জানুৱাৰী, ২০২০ৰ পৰা বলবৎ হৈছিল।

অৱশ্যে নিয়ম-নীতি নথকাৰ বাবে এতিয়াও আইন প্ৰণয়ন কৰিব পৰা নাই।

কেন্দ্ৰীয় চৰকাৰে বাৰে বাৰে উদ্ধৃতি দি আহিছে যে ক’ভিড-১৯ মহামাৰীৰ প্ৰাদুৰ্ভাৱে এই পৰ্যন্ত নিয়মাৱলী ফ্ৰেমৱৰ্ক কৰাত পলম কৰিছে।

CAA ৰূপায়ণে আফগানিস্তান, বাংলাদেশ আৰু পাকিস্তানত নিৰ্যাতনৰ সন্মুখীন হোৱা হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চী আৰু খ্ৰীষ্টান সম্প্ৰদায়ৰ সেই সদস্যসকলক নাগৰিকত্ব প্ৰদান কৰাটো নিশ্চিত কৰিব।

উল্লেখযোগ্য যে পশ্চিমবংগৰ পৰা বিজেপি নেতা সুভেন্দু অধিকাৰীয়ে অমিত শ্বাহক অতি সোনকালে CAA কাৰ্যকৰী কৰিবলৈ আহ্বান জনাইছে।

পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনৰ সময়ত বিজেপিয়ে ‘কা’ কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতি দিছিল।