কোভিড-১৯ৰ চিকিৎসাৰ বাবে চিপিআই(এম)ৰ প্ৰাক্তন বিধায়কে চৰকাৰক দিলে ডেৰ লাখ টকা

82

ষ্টাফৰিপোৰ্টাৰ, ৯ এপ্ৰিল :: চিপিআই(এম) ৰ দুগৰাকী প্ৰাক্তন বিধায়ক নিশীথ ৰঞ্জন দাস আৰু ৰামেন্দ্ৰ দেই কোভিড-১৯ ৰোগৰ চিকিৎসাৰ বাবে তেওঁলোকৰ বিধায়ক পেঞ্চনৰ পৰা ক্ৰমে একলাখ আৰু পঞ্চাশ হেজাৰ টকা ৰাজ্য চৰকাৰলৈ আগবঢ়াইছে।এই টকা প্ৰাক্তন বিধায়ক দুগৰাকীয়ে চিপিআই(এম)ৰ অসম ৰাজ্যিক কমিটিৰ একাউণ্টলৈ প্ৰেৰণ কৰে। বৃহস্পতিবাৰে এই ডেৰলাখ টকা চিপিআই (এম)ৰ ৰাজ্যিক সম্পাদক দেবেন ভট্টাচাৰ্য আৰু ৰাজ্যিক সম্পাদকমণ্ডলীৰ জ্যেষ্ঠ সদস্য ইচফাকুৰ ৰহমানে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত অৰ্পণ কৰে।চিপিআই(এম)ৰ অসম ৰাজ্যিক কমিটিয়ে দুয়োগৰাকী প্ৰাক্তন বিধায়ক তথা দলৰ প্ৰবীণ নেতা নিশীথ ৰঞ্জন দাস আৰু ৰামেন্দ্ৰ দেক তেওঁলোকৰ এই জনহিতৈষী কাৰ্যৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে।