কোভিড-১৯ত আক্ৰান্ত তৰুণ গগৈৰ ফোন যোগে স্বাস্থ্যৰ বুজ ল’লে মুখ্যমন্ত্ৰী সোণোৱালে

88

গুৱাহাটীঃ কোভিড-১৯ত আক্ৰান্ত হৈছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা তিতাবৰ সমষ্টিৰ বিধায়ক তৰুণ গগৈ। মঙলবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী কোভিড-১৯ত আক্ৰান্ত হোৱাৰ পিছতে তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ আইছ’লেছন ৱাৰ্ডত ৰখা হয়। ৮৫ বছৰীয়া তৰুণ গগৈৰ স্বাস্থ্যৰ কোনো অৱনতি ঘটা নাই বুলি জানিবলৈ দিছে চিকিৎসকে।

ইফালে বুধবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ফোন যোগে তৰুণ গগৈৰ স্বাস্থ্যৰ বুজ লয় আৰু আশু আৰোগ্য কামনা কৰে। স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো তেওঁৰ আশু আৰোগ্য কামনা কৰি টুইট যোগে জনায় যে তৰুণ গগৈৰ চিকিৎসাৰ বাবে এটা বিশেষ চিকিৎসকৰ দল সাজু কৰিছে চৰকাৰে।

প্ৰণিধানযোগ্য যে, মঙলবাৰে তৰুণ গগৈৰ দেহত কোভিড পজিটিভ ধৰা পৰিলেও তেওঁৰ পত্নী ডলী গগৈও ৰিজাল্ট নিগেটিভ ওলাইছে। কোভিড আক্ৰান্ত হোৱাৰ পিছতে গগৈয়ে তেওঁৰ সংস্পৰ্শলৈ অহা অইন লোকসকলৰো স্বাস্থ্য পৰীক্ষা কৰিবলৈ আহ্বান জনায়।