কোভিড-১৯ত আক্ৰান্ত কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মা…

339

ৰাজ্যত পুনৰ আৰম্ভ কোভিডৰ কালৰূপ। এইবাৰ কোভিড-১৯ত আক্ৰান্ত হ’ল কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মা।

বৃহস্পতিবাৰে টুইটযোগে কোভিডত আক্ৰান্ত হোৱাৰ কথা অৱগত কৰি কংগ্ৰেছ নেত্ৰীগৰাকীয়ে তেওঁৰ সংস্পৰ্শলৈ অহা সকলোকে কোভিড টেষ্ট কৰাবলৈ আৰু সতৰ্ক হৈ থাকিবলৈ আহ্বান জনায়।

লগতে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তক হোম টেষ্টিং কিট উপলব্ধ কৰিবলৈও আহ্বান জনায় ববিতা শৰ্মাই।

এক্সত তেওঁ লিখিছে, ”কোভিড এতিয়াও চলি আছে। গতিকে ভিৰত থকাৰ সময়ত সাৱধান হওক। মাস্ক পৰিধান কৰাটো বাঞ্ছনীয় কৰক।’’